ঢেকীয়াখোৱা বৰনামঘৰ (Dhekiakhowa Bornamghar) হৈছে ভাৰতৰ অসমৰ যোৰহাট জিলাৰ পৰা প্ৰায় ১২ কিলোমিটাৰ পূবত ঢেকীয়াখোৱা গাওঁত অৱস্থিত এটা নামঘৰ। শ্ৰী শ্ৰী মাধৱদেৱে ১৪৫০ শকত প্ৰতিষ্ঠা কৰিছিল।ভাদ মাহৰ অখণ্ড নাম-কীৰ্ত্তনৰ বাবে নামঘৰলৈ অগনণ ভক্তৰ ভীৰ হোৱা দেখা যায়।মহাপুৰুষ মাধৱদেৱে এই স্থানতে এগছি বন্তি জ্বলাইছিল, যি গছি বন্তি সুদীৰ্ঘ ৪৯৪ বছৰ ধৰ্মপ্ৰাণ ৰাইজে জ্বলাই ৰাখিছে। এই বন্তি গছি এছিয়া বুক অফ ৰেকৰ্ডছ আৰু ইণ্ডিয়া বুক অফ ৰেকৰ্ডছ ( Asia Book of Records and India Book of Records ) য় “দীৰ্ঘতম সময়ৰ বাবে প্ৰজ্বলিত বন্তি“ বুলি স্বীকৃতি প্ৰদান কৰিছে ।
ঢেকীয়াখোৱা বৰনামঘৰৰ ইতিহাস – The History of Dhekiakhowa Barnamghar
জনশ্ৰুতি অনুসৰি, ঢেকীয়াখোৱা নামঘৰৰ প্ৰতিষ্ঠাৰ ক্ষেত্ৰত এটা উপাখ্যান আছে। গুৰু মাধৱদেৱে সমাজ সংস্কাৰ আৰু একশৰণ নাম ধৰ্ম প্ৰচাৰৰ বাবে আহোতে এই সৰু গাওঁখনত থাকিব লগা হৈছিল। তেওঁ এগৰাকী বুঢ়ীৰ কুটীৰত ৰাতিৰ বাবে আশ্ৰয় লৈছিল, যিয়ে তেওঁক ঢেকীয়া শাকৰ সৈতে ভাত পৰিৱেশন কৰিছিল । বুঢ়ীয়ে এনেদৰে সেৱা আগবঢ়াবলৈ পাই লাজ পাইছিল কিন্তু মাধৱদেৱে তেখেতৰ অভ্য়থৰ্নাত যথেষ্ট সন্তুষ্ট হৈছিল। সেয়ে তেওঁ তাত নামঘৰ এটা আৰম্ভ কৰিছিল আৰু বুঢ়া মহিলাগৰাকীক মাটিৰ চাকিখনত তেল দিয়াৰ দায়িত্ব দিছিল। নামঘৰটো পিছলৈ ঢেকীয়াখোৱা নামঘৰ নামেৰে জনাজাত হৈছিল।
তীৰ্থস্থান | ঢেকীয়াখোৱা বৰনামঘৰ |
স্বীকৃতি | “দীৰ্ঘতম সময়ৰ বাবে প্ৰজ্বলিত বন্তি” ৰ বাবে এছিয়া বুক অফ ৰেকৰ্ডছ আৰু ইণ্ডিয়া বুক অফ ৰেকৰ্ডছ ( Asia Book of Records and India Book of Records ) – ত স্বীকৃতি |
স্থান | ঢেকীয়াখোৱা গাওঁ, যোৰহাট, অসম |
পথ | যোৰহাট জিলাৰ পৰা প্ৰায় ১২ কিলোমিটাৰ পূব দিশত |
প্ৰতিষ্ঠা | ১৫২৮ চন |
প্ৰতিষ্ঠাপক | মাধৱদেৱ |
জন্ম | মাধৱদেৱৰ জন্ম ১৪৮৯ চন |
প্ৰতিষ্ঠাপকৰ জন্ম স্থান | অসমৰ লখিমপুৰ জিলাৰ নাৰায়ণপুৰ |
প্ৰতিষ্ঠাপকৰ পিতৃ-মাতৃ | গোবিন্দগিৰি ভূঞা আৰু মনোৰমা ভূঞা |
মাধৱদেৱ: ভক্তিমূলক, গীত আৰু সাহিত্যৰ ৰহস্যময় পৃথিৱী – Madhavadeva: Devotional, Lyrics and Literature
মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ (১৪৮৯-১৫৯৬) অসমৰ মহাপুৰুষীয়া ধৰ্ম বা এক শৰণ নাম ধৰ্ম প্ৰৱৰ্তনৰ এজন মূল ব্য়ক্তি আছিল। তেওঁ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অন্যতম প্ৰধান শিষ্য আছিল।
তেওঁৰ গুৰু ভক্তিৰ বাবে তেওঁক বিশেষ ভাৱে জনা যায় আৰু তেওঁক শংকৰদেৱৰ প্ৰকৃত উত্তৰাধিকৰী হিচাপে গণ্য কৰা হয়। মাধৱদেৱ বৈৰাগী আছিল কিন্তু জীৱন বিমুখী নাছিল। জীৱনৰ প্ৰতি তেওঁৰ আছিল আস্থা আৰু গোটেই জীৱনটো গভীৰ জ্ঞান অন্বেষণেৰে উপভোগ কৰিব বিচাৰিছিল। মাধৱদেৱে বিষয়-বাসনাৰ প্ৰতি উৎসাহ নেদেখুৱাইছিল যদিও নিজৰ প্ৰতিজন শিষ্যকে খেতি-বাতি বা ব্যৱসায়-বাণিজ্যৰে স্বাৱলম্বী হবলৈ কৈছিল। পাছলৈ নিজেও কোচ ৰজাৰ অনুগ্ৰহত থাকি সাহিত্য আৰু ধৰ্ম চৰ্চা কৰিছিল। নামঘোষা আৰু ভক্তিৰত্নাৱলী মাধৱদেৱৰ অনুপম সৃষ্টি।
১৪৮৯ চনত নাৰায়ণপুৰ নামে ঠাইৰ ৰঙাজান আৰু কাঁচিকটা নদীৰ মাজত অৱস্থিত হৰিশিঙা বৰা উজীৰৰ ঘৰত মাধৱদেৱৰ জন্ম হয়। প্ৰবাদ আছে যে মাধৱদেৱৰ নাইকটা কাঁচিখন পেলোৱাৰ বাবে ওচৰৰ নদীখনৰ নাম কাঁচিকটা আৰু প্ৰসূতিৰ তেজলগা কাপোৰ ধোৱাৰ বাবে ওচৰৰ জানটোৰ পানীৰ বৰণ ৰঙা হৈ পৰাত পৰৱৰ্তী কালত ইয়াৰ নাম ৰঙাজান হয় । মাধৱদেৱৰ পিতৃৰ নাম গোবিন্দগিৰি আৰু মাতৃৰ নাম মনোৰমা। তাৰোপৰি মাধৱদেৱৰ ককায়েকৰ নাম আছিল দামোদৰ আৰু ভনীয়েকৰ নাম আছিল ঊৰ্বশী। এই ঊৰ্বশীৰ স্বামীৰ নাম আছিল ৰাম দাস।
মণি-কাঞ্চণ সংযোগঃ
মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক লগ পোৱাৰ আগতে মহাপুৰুষ মাধৱদেৱ শাক্ত ধৰ্মী লোক আছিল। এবাৰ মাকৰ অসুখ হোৱাত তেওঁ দেৱীৰ আগত দুটা ছাগলী বলি দিম বুলি প্ৰতিজ্ঞা কৰিলে যদিহে মাকৰ অসুখ ভাল হয়। তেওঁ যেতিয়া ছাগলী দুটা আনিবলৈ নিজৰ ভনীজোঁৱায়েকক পাচিলে। ভনীজোঁৱায়েকে তেওঁৰ কথা নুশুনি ক’লে যে বলি বিধান অপ্ৰয়োজনীয় প্ৰথা আৰু ইয়াৰ পৰা কোনেও সুফল নাপায়। ভনীজোঁৱায়েকে তেতিয়া মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ কথা ক’লে আৰু তেওঁকো শংকৰদেৱৰ ওচৰত শৰণ ল’বৰ বাবে উপদেশ দিলে। এই কথা শুনি মাধৱদেৱে শংকৰদেৱৰ ওচৰলৈ গৈ তেওঁৰ যুক্তি তৰ্ক আৰম্ভ কৰিলে। শেষত শংকৰদেৱৰ যুক্তিৰ ওচৰত হাৰ মানি তেওঁ শংকৰদেৱে প্ৰৱৰ্তন কৰা একশৰণ ধৰ্মত দীক্ষা ল’লে। শংকৰদেৱ আৰু মাধৱদেৱৰ এই মিলনক মণি-কাঞ্চণ সংযোগ বুলি জনা যায়।
সাহিত্য ৰচনাঃ
ধৰ্ম প্ৰচাৰৰ লগতে সাহিত্য সংস্কৃতিৰো পূজাৰী এইজনা মহান গুৰুৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ হ’ল নামঘোষা ৷ এহেজাৰটা ঘোষা থকা বাবে এইখনক হেজাৰী ঘোষা বুলিও কোৱা হয়৷ তেওঁ একাধিক বৰগীত, ভটিমা, নাট (ঝুমুৰা) আদি ৰচনা কৰিছিল। মাধৱদেৱে বাৰকুৰি (দুশ চল্লিশ) বৰগীত ৰচনা কৰিছিল বুলি প্ৰবাদ আছে যদিও বৰ্তমান সৰ্বমুঠ নকুৰি (এশ আশী) মান গীতহে উপলভ্য। অৱশ্যে ইয়াৰ ভিতৰত কিছু সংখ্যক অংকীয়া নাটৰ গীতো সন্নিৱিস্ত হৈ আছে। তেওঁৰ জীৱন কালত সৰ্বমুঠ ১৫৭ টা বৰগীত ৰচনা কৰে ।
আখ্যানমূলক ৰচনাঃ
ৰাজসূয় কাব্য
আদিকাণ্ড ৰামায়ণ(অনুবাদ)
তত্ত্বমূলক ৰচনাঃ
জন্মৰহস্য
ভক্তি-ৰত্নাৱলী
নামমালিকা
নামঘোষা
নাটঃ
অৰ্জুন ভঞ্জন
দধিমথন
চোৰধৰা
পিম্পৰা-গুচোৱা
ভোজনবিহাৰ
ভূমি-লেটোৱা
কোটোৰা খেলা
মহাপুৰুষ মাধৱদেৱৰ ১৫৯৬ চনত কোচবিহাৰৰ ভেলা সত্ৰত দেহাৱসান ঘটে।
ঢেকীয়াখোৱা বৰনামঘৰ বৈষ্ণৱবৃন্দৰ বাবে এক পৱিত্ৰ স্থান আৰু এটা জনপ্ৰিয় পৰ্যটন স্থলী।ঢেকীয়াখোৱা বৰনামঘৰ সমগ্ৰ অসমতে বৈষ্ণৱ বাসীসকলৰ বাবে এক গুৰুত্বপূৰ্ণ স্থান।নামঘৰটোৱে এক মূল্যৱান ঐতিহাসিক গৰিমা বহন কৰিছে। নামঘৰটো হৈছে অসমৰ ইতিহাসৰ অন্যতম গুৰুত্বপূৰ্ণ ব্যক্তি মাধৱদেৱৰ জীৱন আৰু কৰ্মৰ স্মাৰক।