অ’ মোৰ আপোনাৰ দেশ (O Mur Apunar Desh): অ’ মোৰ আপোনাৰ দেশ (O Mur Apunar Desh) গীতটি হৈছে অসমৰ জাতীয় সংগীত (State Anthem)।“অ’ মোৰ আপোনাৰ দেশ” গীতটি ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা দ্বাৰা ৰচিত৷ লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা গীত সমূহৰ ভিতৰত “অ’ মোৰ আপোনাৰ দেশ” এক অন্যতম গীত। লক্ষ্মীনাথ বেজবৰুৱাই ১৯০৯ চনত ‘বাঁহী’ নামৰ এক খন আলোচনী প্ৰকাশ আৰু সম্পাদনা কৰিছিল৷ সেই ‘বাঁহী’ নামৰ আলোচনী খনতে তেওঁ শ্ৰী কৃপাবৰ বৰুৱা ছদ্ম নামেৰে, অসমৰ জাতীয় সংগীতটোৰ মূল কথা খিনি “মোৰ দেশ” (Mur Desh) নামেৰে ১৯১০ চনৰ মে’ মাহত প্ৰকাশ কৰিছিল৷ আকৌ পিছত ১৯১৩ চনত ‘কদমকলি’ পুথিত লক্ষ্মীনাথ বেজবৰুৱাই প্ৰকাশ কৰিছিল। গীতটোৰ সুৰ আৰু পংক্তি সম্পৰ্কে বিভিন্ন মত পোৱা যায়। এই গীতটো আনুষ্ঠানিকভাৱে অসমৰ “জাতীয় সংগীত” (State Anthem) ৰূপে ১৯২৭ চনত তেজপুৰত অনুষ্ঠিত অসম ছাত্ৰ সন্মিলনত গৃহীত হয়। সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ অমৰ সৃষ্টি এই গীতটোৱে প্ৰতি জন অসমীয়াৰ অন্তৰ চুই যায়। প্ৰায় এটা শতিকা পূৰ্বে প্ৰকাশিত “অ’ মোৰ আপোনাৰ দেশ” (O Mur Apunar Desh) গীতটোক অসমৰ ৰাইজে ‘জাতীয় সংগীত’ হিচাপে গৌৰৱেৰে গাই আহিছে। বেজবৰুৱাৰ সৃষ্টি এই গীতটিৰ বিষয়ে কিছু কথা ইয়াত দাঙি ধৰিবলৈ প্ৰয়াস কৰা হৈছে।
Table of Contents
“অ’ মোৰ আপোনাৰ দেশ” সম্পূৰ্ণ অসমৰ জাতীয় সংগীত (“O Mur Apunar Desh” Complete State Anthem of Assam)
ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা দ্বাৰা ৰচিত “অ’ মোৰ আপোনাৰ দেশ” (O Mur Apunar Desh) সম্পূৰ্ণ অসমৰ জাতীয় সংগীতটো তলত দাঙি ধৰা হ’ল,
অ’ মোৰ আপোনাৰ দেশ!
অ’ মোৰ চিকুণী দেশ!
এনেখন শুৱলা,
এনেখন সুফলা
এনেখন মৰমৰ দেশ।
অ’ মোৰ সুৰীয়া মাত!
অসমৰ সুৱদি মাত!
পৃথিৱীৰ ক’তো
বিচাৰি জনমটো
নোপোৱা কৰিলেও পাত।
অ’ মোৰ ওপজা ঠাই!
অ’ মোৰ অসমী আই!
চাই লওঁ তোমাৰ
মুখনি এবাৰ
হেঁপাহ মোৰ পলোৱা নাই।
“অ’ মোৰ আপোনাৰ দেশ” গীতটিৰ সবিশেষ (“O Mur Apunar Desh” Details of the song)
- “অ’ মোৰ আপোনাৰ দেশ” গীতটি সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ দ্বাৰা ৰচিত।
- লক্ষ্মীনাথ বেজবৰুৱাই শ্ৰীকৃপাবৰ বৰুৱা ছদ্ম নামেৰে ‘বাঁহী’ আলোচনী খনত প্ৰথম প্ৰকাশ কৰিছিল।
- অ’ মোৰ আপোনাৰ দেশ গীতটিৰ মূল কথা খিনি “মোৰ দেশ” (Mur Desh) নামেৰে ১৯১০ চনত ‘বাঁহী’ নামৰ আলোচনী খনত প্ৰথম প্ৰকাশ পাইছিল।
- “অ’ মোৰ আপোনাৰ দেশ” ১৯১৩ চনত ‘কদমকলি’ পুথিত লক্ষ্মীনাথ বেজবৰুৱাই প্ৰকাশ কৰিছিল।
- “অ’ মোৰ আপোনাৰ দেশ” গীতটো অসমৰ “জাতীয় সংগীত” ৰূপে ১৯২৭ চনত তেজপুৰত অনুষ্ঠিত অসম ছাত্ৰ সন্মিলনত গৃহীত হয়।
- ১৯২৭ চনতেই তেজপুৰত অনুষ্ঠিত অসম ছাত্ৰ সন্মিলনৰ অধিবেশনত ‘জাতীয় সংগীত’ হিচাপে গীতটো প্ৰথমে গোৱা হৈছিল।
- ২০১৩ চনৰ ১৫ ডিচেম্বৰত অসম চৰকাৰৰ দ্বাৰা “অ’ মোৰ আপোনাৰ দেশ” গীতটো আনুষ্ঠানিক ভাৱে অসমৰ জাতীয় সংগীত (State Anthem)ৰ মৰ্যাদা পায়।
“অ’ মোৰ আপোনাৰ দেশ” গীতটিৰ অন্যান্য বিৱৰণ (“O Mur Apunar Desh” Other details of the song)
“অ’ মোৰ আপোনাৰ দেশ” (O Mur Apunar Desh) গীতটিৰ স্বকীয় বৈশিষ্টতা, গভীৰ জাতীয় প্ৰেম তথা স্বদেশ প্ৰেম আৰু জাতীয় পৰ্যায়ত সৰ্বজনৰ মনোগ্ৰাহী হ’ব পৰা গুণ সম্পন্ন হোৱাৰ বাবে বিভিন্ন সময়ত ভালে কেইজন সঙ্গীতজ্ঞ সুৰকাৰৰ দৃষ্টি আকৰ্ষিত হৈ একাধিক সুৰকাৰে সুৰ কৰি গীতটিক এটি জাতীয় সঙ্গীতৰ স্বীকৃতি পাব পৰা গীত ৰূপে উপস্থাপন কৰে। তৎমুহূৰ্তৰ পৰা গীতটিয়ে পূৰ্বৰ পৰিচয় ‘মোৰ দেশ’ (Mur Desh)ৰ ঠাইত ‘অ’ মোৰ আপোনাৰ দেশ’ ৰূপে পৰিচিত হৈ প্ৰসাৰতা লাভ কৰে।“অ’ মোৰ আপোনাৰ দেশ” গীতটো অসমৰ লগতে উত্তৰ-পূবৰ আন ৰাজ্যসমুহৰ বহুলোকে আদৰেৰে পৰিবেশন কৰা দেখা যায়। এই গীতটো মিছিং, বড়ো, কাৰ্বি, নেপালী ইংৰাজী আদিকে ধৰি অসমৰ লগতে উত্তৰ-পূবত প্ৰচলিত বহু কেইটা ভাষা-দোৱানলৈ ইতিমধ্যে অনুবাদ হৈছে। জাতীয় সংগীত হিচাপে গীতটো অসমীয়া ভাষাতেই গোৱা হয় যদিও বিভিন্ন সময়ত বিভিন্ন জনগোষ্ঠীৰ লোকে নিজৰ নিজৰ মাতৃভাষাত ‘অ’ মোৰ আপোনাৰ দেশ’ গীতটো গোৱা শুনা যায়।