By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
BorAxomBorAxomBorAxom
  • Home
  • খবৰ
  • চাকৰি জাননী
  • যোজনা/আঁচনি
  • নিবন্ধ
  • শিশু
  • Privacy Policy
  • Terms and Conditions
  • Disclaimer
  • অসমীয়াSelect Language
    • हिन्दी
    • English
Search
Top Categories
  • পৰীক্ষা ফলাফল
  • চাকৰি জাননী
  • News
  • Sports
  • Yojana
Languages
  • Advertise
© 2023 BorAxom. A division of Dizimint Innovatives. All Rights Reserved.
Reading: ড° সৰ্বপল্লী ৰাধাকৃষ্ণণ: ভাৰতৰ দ্বিতীয় ৰাষ্ট্ৰপতিৰ বিষয়ে ৰচনা
Share
Notification Show More
Aa
BorAxomBorAxom
Aa
Search
  • Home
  • খবৰ
  • চাকৰি জাননী
  • যোজনা/আঁচনি
  • নিবন্ধ
  • শিশু
  • Privacy Policy
  • Terms and Conditions
  • Disclaimer
  • অসমীয়াSelect Language
    • हिन्दी
    • English
Follow US
  • Advertise
© 2023 BorAxom. A division of Dizimint Innovatives. All Rights Reserved.
BorAxom > Blog > Blog > ড° সৰ্বপল্লী ৰাধাকৃষ্ণণ: ভাৰতৰ দ্বিতীয় ৰাষ্ট্ৰপতিৰ বিষয়ে ৰচনা
Blogনিবন্ধ

ড° সৰ্বপল্লী ৰাধাকৃষ্ণণ: ভাৰতৰ দ্বিতীয় ৰাষ্ট্ৰপতিৰ বিষয়ে ৰচনা

BorAxom Desk
Last updated: 2023/11/06 at 6:19 পূৰ্বাহ্ণ
BorAxom Desk
Share
6 Min Read
Dr. Sarvepalli Radhakrishnan: Essay of the Second President of India
Dr. Sarvepalli Radhakrishnan: Essay of the Second President of India
SHARE
4.5
(2)

ড° সৰ্বপল্লী ৰাধাকৃষ্ণণ (Dr. Sarvepalli Radhakrishnan): ড° সৰ্বপল্লী ৰাধাকৃষ্ণণ (Dr. Sarvepalli Radhakrishnan) এগৰাকী ভাৰতীয় দাৰ্শনিক, শিক্ষাবিদ আৰু ৰাজনীতিবিদ আছিল। কুৰি শতিকাৰ ভাৰতৰ চিন্তাবিদ আৰু লেখকসকলৰ ভিতৰত তেখেতে অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছিল। ড° সৰ্বপল্লী ৰাধাকৃষ্ণণ (Dr. Sarvepalli Radhakrishnan) স্বাধীন ভাৰতৰ প্ৰথম উপৰাষ্ট্ৰপতি আছিল (১৯৫২-১৯৬২)। পাছত তেওঁ ১৯৬২ চনৰ পৰা ১৯৬৭ চনলৈকে ভাৰতৰ ৰাষ্ট্ৰপতি পদতো নিৰ্বাচিত হৈছিল। উদাৰ নৈতিক ধৰ্মীয় দৃষ্টিকোণ আৰু ধৰ্ম নিৰপেক্ষতাৰ প্ৰতি তেওঁ আস্থাশীল আছিল। দেশৰ ৰাজনীতিত অংশ গ্ৰহণ কৰি তেওঁ ভাৰতৰ ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হৈ দেশৰ সৰ্বোচ্চ সন্মানৰ অধিকাৰী হৈছিল যদিও তেওঁক বিশ্ববাসীয়ে এগৰাকী মহান দাৰ্শনিক আৰু শিক্ষক হিচাপেও সন্মান কৰিছিল।পৃথিৱীৰ কিছুমান দেশত শিক্ষকসকলক (গুৰু) বিশেষ সন্মান প্ৰদান কৰিবলৈ শিক্ষক দিৱসৰ আয়োজন কৰা হয়।ভাৰতত, ড° সৰ্বপল্লী ৰাধাকৃষ্ণণ (Dr. Sarvepalli Radhakrishnan)ৰ জন্ম জয়ন্তী উদযাপনৰ বাবে প্ৰতি বছৰে 5 ছেপ্টেম্বৰত “শিক্ষক দিৱস” (Teachers’ Days) পালন কৰা হয়।ড০ সৰ্বপল্লী ৰাধাকৃষ্ণণৰ জন্ম ১৮৮৮ চনৰ ৫ ছেপ্টেম্বৰত তামিলনাডুৰ তিৰুমণি গাঁৱৰ এটা ব্ৰাহ্মণ পৰিয়ালত হৈছিল। তেওঁ সৰুৰে পৰা কিতাপ পঢ়িবলৈ ভাল পাইছিল আৰু স্বামী বিবেকানন্দৰ দ্বাৰা যথেষ্ট প্ৰভাৱিত হৈছিল। সৰ্বপল্লী ৰাধাকৃষ্ণণৰ ১৯৭৫ চনৰ ১৭ এপ্ৰিলত চেন্নাইত মৃত্যু হয়।

Contents
Table of Contentsড° সৰ্বপল্লী ৰাধাকৃষ্ণণৰ জন্ম (Birth of Dr. Sarvepalli Radhakrishnan)ড° সৰ্বপল্লী ৰাধাকৃষ্ণণৰ শিক্ষা (Education of Dr. Sarvepalli Radhakrishnan)ড° সৰ্বপল্লী ৰাধাকৃষ্ণণৰ দাম্পত্য জীৱন (Married life of Dr. Sarvepalli Radhakrishnan)ড° সৰ্বপল্লী ৰাধাকৃষ্ণণৰ কৰ্ম জীৱন (The work life of Dr. Sarvepalli Radhakrishnan)ড° সৰ্বপল্লী ৰাধাকৃষ্ণণৰ ৰাজনীতি জীৱন (The political life of Dr. Sarvepalli Radhakrishnan)ড° সৰ্বপল্লী ৰাধাকৃষ্ণণৰ দাৰ্শনিক ৰচনাসমূহ (Philosophical Works of Dr. Sarvepalli Radhakrishnan)Was this helpful?

Table of Contents

  • ড° সৰ্বপল্লী ৰাধাকৃষ্ণণৰ জন্ম
    • ড° সৰ্বপল্লী ৰাধাকৃষ্ণণৰ শিক্ষা
      • ড° সৰ্বপল্লী ৰাধাকৃষ্ণণৰ দাম্পত্য জীৱন
  • ড° সৰ্বপল্লী ৰাধাকৃষ্ণণৰ কৰ্ম জীৱন
  • ড° সৰ্বপল্লী ৰাধাকৃষ্ণণৰ ৰাজনীতি জীৱন
    • ড° সৰ্বপল্লী ৰাধাকৃষ্ণণৰ দাৰ্শনিক ৰচনাসমূহ

ড° সৰ্বপল্লী ৰাধাকৃষ্ণণৰ জন্ম (Birth of Dr. Sarvepalli Radhakrishnan)

ড° সৰ্বপল্লী ৰাধাকৃষ্ণণ (Dr. Sarvepalli Radhakrishnan) এটি সাধাৰণ পৰিয়ালৰ সন্তান আছিল।তেওঁৰ উদ্যম, সাহস, ধৈৰ্য্যশক্তি আৰু ব্যক্তিত্বৰ গুণৰ বাবে তেওঁ নিজকে বিশ্বৰ অন্যতম শ্রেষ্ঠ দার্শনিক, বিশিষ্ট শিক্ষাবিদ, সুলেখক, সুবক্তা, বিশিষ্ট ৰাজনীতিবিদ আৰু মানব প্রেমিক ৰূপে বিশ্ব সভাত নিজকে প্রতিষ্ঠা কৰিছিল। তিৰুটানি, তামিল নাডু, ভাৰতত ১৮৮৮ চনৰ ৫ ছে‍প্তেম্বৰ তাৰিখে ড° সৰ্বপল্লী ৰাধাকৃষ্ণণ (Dr. Sarvepalli Radhakrishnan)ৰ জন্ম এগৰাকী তেলেগু ব্ৰাহ্মণ পৰিয়াল ঘৰত হৈছিল। তেওঁৰ দেউতাকৰ নাম আছিল সৰ্বপল্লী বীৰাস্বামী (বীৰ চমাইয়া) আৰু মাতৃৰ নাম সীতামা আছিল।

ড° সৰ্বপল্লী ৰাধাকৃষ্ণণৰ শিক্ষা (Education of Dr. Sarvepalli Radhakrishnan)

ড° সৰ্বপল্লী ৰাধাকৃষ্ণণ  (Dr. Sarvepalli Radhakrishnan) ৮ বছৰ বয়স হোৱালৈকে ঘৰত থাকিয়েই মাক-দেউতাকৰ পৰা শিক্ষা গ্ৰহণ কৰিছিল। ইয়াৰ পিছত ১৮৯৬ চনত ৰাধাকৃষ্ণণক তিৰুপটিৰ লুথেৰান মিছন স্কুললৈ পঠোৱা হয়। ১৮৯৬ চনৰ পৰা ১৯০০ চনলৈকে খ্ৰীষ্টিয়ান মিছন স্কুলত থকাৰ পিছত ৰাধাকৃষ্ণণে ১৯০০ চনৰ পৰা ১৯০৪ চনলৈ ভেলোৰ কলেজ আৰু ১৯০৪ চনৰ পৰা ১৯০৮ চনলৈ মাদ্ৰাজ খ্ৰীষ্টিয়ান কলেজত দৰ্শন শাস্ত্ৰ অধ্যয়ন কৰে। ড° সৰ্বপল্লী ৰাধাকৃষ্ণণ  (Dr. Sarvepalli Radhakrishnan)ৰ দেউতাক বীৰ চমাইয়া নিজে এজন গোড়া ব্ৰাহ্মণ আছিল, যদিও মিছনেৰী সকলৰ দ্বাৰা পৰিচালিত খ্ৰীষ্টিয়ান শিক্ষানুষ্ঠানত সৰ্বপল্লী ৰাধাকৃষ্ণণক কটকটীয়া নীতি-নিয়ম আৰু উচ্চ মানৰ শিক্ষাদানৰ মাজত শিক্ষা গ্ৰহণ কৰোৱাইছিল।বি-এ পাঠ্যক্ৰমত দৰ্শন বিষয়ত ৰাধাকৃষ্ণণে ‘অনাৰ্ছ’ বিষয় হিচাপে লয়। মাদ্ৰাজ বিশ্ববিদ্যালয়ৰ পৰা এম.এ ডিগ্ৰীৰ বাবে যুগুত কৰা ৰাধাকৃষ্ণণৰ প্ৰথম গ্ৰন্থ ‘থেচিচ’(Thesis) ‘The Ethics of the Vedanta and its Material Presupposition’ ১৯০৮ চনত প্ৰকাশ পায়। এই গ্ৰন্থত ৰাধাকৃষ্ণণৰ দাৰ্শনিক চিন্তাৰ গভীৰতা পৰিলক্ষিত হয়।

ড° সৰ্বপল্লী ৰাধাকৃষ্ণণৰ দাম্পত্য জীৱন (Married life of Dr. Sarvepalli Radhakrishnan)

ড° সৰ্বপল্লী ৰাধাকৃষ্ণণ  (Dr. Sarvepalli Radhakrishnan)ৰ দাম্পত্য জীৱন তেওঁৰ ১৬ বছৰ বয়সতে আৰম্ভ হয়। ড° সৰ্বপল্লী ৰাধাকৃষ্ণণ  (Dr. Sarvepalli Radhakrishnan)ৰ বিবাহ তেওঁতকৈ ৬ বছৰ সৰু ‘শিৱাকামু’ৰ লগত হয়। ড° তেওঁৰ পত্নীৰ নাম শিৱাকামু আছিল। কম বয়সত বিবাহ হোৱাৰ বাবে বিবাহৰ তিনি বছৰ পিছতহে দুয়ো একেলগে থাকিবলৈ লয়।

ড° সৰ্বপল্লী ৰাধাকৃষ্ণণৰ কৰ্ম জীৱন (The work life of Dr. Sarvepalli Radhakrishnan)

ড° সৰ্বপল্লী ৰাধাকৃষ্ণণ (Dr. Sarvepalli Radhakrishnan)ৰ কৰ্ম জীৱনৰ বিৱৰণী তলত দিয়া ধৰণৰ:-

  1. ১৯১৮-২১ – দৰ্শনৰ অধ্যাপক, মহীশূৰ বিশ্ববিদ্যালয়,
  2. ১৯২১-৩১ – কলিকতা বিশ্ববিদ্যালয়ত অধ্যাপক,
  3. ১৯৩১ – অন্ধ্ৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য,
  4. 1932-1952 – Professor of Eastern Religion and Ethics, Oxford University
  5. ১৯৪২ – বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ প্ৰথম ভাৰতীয় উপাচাৰ্য,
  6. মানচেষ্টাৰ কলেজত Upton Lecturer হিচাপে,
  7. চিকাগো বিশ্ববিদ্যালয়ত Harwell Lecturer of Comparative Religion আৰু
  8. লণ্ডনৰ ইউনিভাৰ্চিটি কলেজত Hibbert Lecturer হিচাপে বক্তৃতা প্ৰদান

ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় শিক্ষাক্ষেত্ৰত ৰাধাকৃষ্ণণে পালন কৰা দায়িত্ব সমূহ এনে ধৰণৰ

  1. Chairman, University Education Commission (1948),
  2. Chairman of the Executive Board of UNESCO (1948),
  3. President of UNESCO (1952),
  4. Representative of the Calcutta University at the Congress of Philosophy,
  5. Harvard University (May,1962).

ড° সৰ্বপল্লী ৰাধাকৃষ্ণণৰ ৰাজনীতি জীৱন (The political life of Dr. Sarvepalli Radhakrishnan)

ড° সৰ্বপল্লী ৰাধাকৃষ্ণণ (Dr. Sarvepalli Radhakrishnan) তেতিয়াৰ প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ সতীৰ্থ আছিল। ড° সৰ্বপল্লী ৰাধাকৃষ্ণণ (Dr. Sarvepalli Radhakrishnan) ভাৰতৰ ৰাষ্ট্ৰদূত (Ambassador) হিছাপে ১৯৪৯ চনৰ পৰা ১৯৫২ চনলৈ ছোভিয়েত ৰাছিয়াত আছিল। ৰাধাকৃষ্ণণ ১৯৫২ চনৰ পৰা ১৯৫৬ চনলৈ আৰু পুনৰ ১৯৫৭ চনৰ পৰা ১৯৬২ চনলৈ দুবাৰকৈ ভাৰতৰ উপ-ৰাষ্ট্ৰপতি (Vice President)ৰ পদত আছিল। ১৯৬২ চনত ৰাধাকৃষ্ণণ ভাৰতৰ দ্বিতীয় ৰাষ্ট্ৰপতি (Second President of India) হিচাপে নিৰ্বাচিত হয়। ১৯৬৭ আৰু  ১৯৮৯ চনত ড° সৰ্বপল্লী ৰাধাকৃষ্ণণ (Dr. Sarvepalli Radhakrishnan)ৰ চিত্ৰ ভাৰতৰ ডাক টিকটটো সম্বলিত কৰা হয়। 

ড° সৰ্বপল্লী ৰাধাকৃষ্ণণৰ দাৰ্শনিক ৰচনাসমূহ (Philosophical Works of Dr. Sarvepalli Radhakrishnan)

বিশ্বৰ মহানতম দাৰ্শনিকৰূপে দাঙি ধৰা ড° সৰ্বপল্লী ৰাধাকৃষ্ণণ (Dr. Sarvepalli Radhakrishnan)ৰ দাৰ্শনিক ৰচনাসমূহৰ কিছুমান তলত দিয়া হ’ল:-

  • The Ethics of the Vedanta and its Material Presupposition (1908);
  • The Philosophy of Rabindranath Tagore (1918);
  • The Reign of Religion in Contemporary Philosophy (1920);
  • Indian Philosophy (2 volumes 1923 and 1927);
  • The Hindu view of Life (1926); The religion we Need (1928);
  • Kalki or The Future of Civilization (1929);
  • An Idealist view of Life (1932);
  • East and West in Religion (1933),
  • Freedom and Culture (1936);
  • The Heart of Hinduism (1936);
  • My Search for Truth (Autobiography 1937)
  • Gautama the Buddha (1938);
  • Eastern Religion and Western Thought (1939);
  • Mahatma Gandhi (1939); India and China (1944);
  • Education, Politics and War (1944):
  • The Religion and Society (1947);
  • The Bhagavad Gita (1948);
  • Great Indians (1949);
  • The Dhammapada (1950);
  • The Religion of the Spirit and the World’s Need (1952).

How useful was this post?

Click on a star to rate it!

Average rating 4.5 / 5. Vote count: 2

No votes so far! Be the first to rate this post.

Was this helpful?

Yes
No
Thanks for your feedback!

TAGGED: Dr. Sarvepalli Radhakrishnan, First Vice President of India, Sarvepalli Radhakrishnan, Second President of India, Teachers' Days, The Ethics of the Vedanta and its Material Presupposition, Thesis, ড° সৰ্বপল্লী ৰাধাকৃষ্ণণ, শিক্ষক দিৱস
Share This Article
Facebook Twitter Telegram Copy Link Print
Previous Article O Mur Apunar Desh” State Anthem of Assam “অ’ মোৰ আপোনাৰ দেশ” অসমৰ জাতীয় সংগীতৰ ইতিহাস
Next Article Banikanta Kakati Award 2023 ড০ বাণীকান্ত কাকতি বঁটা 2023, অনলাইন আবেদন কেনেদৰে কৰিব
Leave a comment Leave a comment

প্ৰত্যুত্তৰ দিয়ক মন্তব্য বাতিল কৰক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

Stay Connected

1k Followers Like
100 Followers Follow
10 Followers Follow
Youtube Subscribe

Latest News

Manu Bhaker image
Manu Bhaker Biography : age, career, education and medals
Blog Education Lifestyle 24 আগষ্ট 2024
ৰিয়ান পৰাগ (Riyan Parag)
Blog 20 জুলাই 2024
India vs Australia World Cup Final 2023
ভাৰত বনাম অষ্ট্ৰেলিয়া লাইভ আপডেট, বিশ্বকাপ ফাইনেলত অষ্ট্ৰেলিয়া 6 উইকেটত বিজয়ী
Sports 20 নৱেম্বৰ 2023
India vs New Zealand World Cup 2023
ভাৰত বনাম নিউজিলেণ্ড,বিশ্বকাপ 2023 ক্ৰিকেট লাইভ আপডেট, প্ৰথম ছেমিফাইনেলত ভাৰতে 70 ৰানত জয়লাভ কৰে
Sports 15 নৱেম্বৰ 2023
//

Welcome to BorAxom.

Quick Link

  • Blog
  • Privacy Policy
  • Disclaimer
  • Terms and Conditions

Top Categories

  • News
  • Blog
  • পৰীক্ষা ফলাফল
  • চাকৰি জাননী

Contact Details

Email: info@boraxom.org

BorAxomBorAxom
Follow US
© 2023 BorAxom. A division of Dizimint Innovatives. All Rights Reserved.
Welcome Back!

Sign in to your account

Lost your password?