By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
BorAxomBorAxomBorAxom
  • Home
  • খবৰ
  • চাকৰি জাননী
  • যোজনা/আঁচনি
  • নিবন্ধ
  • শিশু
  • Privacy Policy
  • Terms and Conditions
  • Disclaimer
  • অসমীয়াSelect Language
    • हिन्दी
    • English
Search
Top Categories
  • পৰীক্ষা ফলাফল
  • চাকৰি জাননী
  • News
  • Sports
  • Yojana
Languages
  • Advertise
© 2023 BorAxom. A division of Dizimint Innovatives. All Rights Reserved.
Reading: “অ’ মোৰ আপোনাৰ দেশ” অসমৰ জাতীয় সংগীতৰ ইতিহাস
Share
Notification Show More
Aa
BorAxomBorAxom
Aa
Search
  • Home
  • খবৰ
  • চাকৰি জাননী
  • যোজনা/আঁচনি
  • নিবন্ধ
  • শিশু
  • Privacy Policy
  • Terms and Conditions
  • Disclaimer
  • অসমীয়াSelect Language
    • हिन्दी
    • English
Follow US
  • Advertise
© 2023 BorAxom. A division of Dizimint Innovatives. All Rights Reserved.
BorAxom > Blog > নিবন্ধ > “অ’ মোৰ আপোনাৰ দেশ” অসমৰ জাতীয় সংগীতৰ ইতিহাস
নিবন্ধBlog

“অ’ মোৰ আপোনাৰ দেশ” অসমৰ জাতীয় সংগীতৰ ইতিহাস

BorAxom Desk
Last updated: 2023/11/06 at 5:02 পূৰ্বাহ্ণ
BorAxom Desk
Share
4 Min Read
O Mur Apunar Desh” State Anthem of Assam
O Mur Apunar Desh” State Anthem of Assam
SHARE
4
(2)

অ’ মোৰ আপোনাৰ দেশ (O Mur Apunar Desh): অ’ মোৰ আপোনাৰ দেশ (O Mur Apunar Desh) গীতটি হৈছে অসমৰ জাতীয় সংগীত (State Anthem)।“অ’ মোৰ আপোনাৰ দেশ” গীতটি ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা দ্বাৰা ৰচিত৷ লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা গীত সমূহৰ ভিতৰত “অ’ মোৰ আপোনাৰ দেশ” এক অন্যতম গীত। লক্ষ্মীনাথ বেজবৰুৱাই ১৯০৯ চনত ‘বাঁহী’ নামৰ এক খন আলোচনী প্ৰকাশ আৰু সম্পাদনা কৰিছিল৷ সেই ‘বাঁহী’ নামৰ আলোচনী খনতে তেওঁ শ্ৰী কৃপাবৰ বৰুৱা ছদ্ম নামেৰে, অসমৰ জাতীয় সংগীতটোৰ মূল কথা খিনি “মোৰ দেশ” (Mur Desh) নামেৰে ১৯১০ চনৰ মে’ মাহত প্ৰকাশ কৰিছিল৷ আকৌ পিছত  ১৯১৩ চনত ‘কদমকলি’ পুথিত লক্ষ্মীনাথ বেজবৰুৱাই প্ৰকাশ কৰিছিল। গীতটোৰ সুৰ আৰু পংক্তি সম্পৰ্কে বিভিন্ন মত পোৱা যায়। এই গীতটো আনুষ্ঠানিকভাৱে অসমৰ “জাতীয় সংগীত” (State Anthem) ৰূপে ১৯২৭ চনত তেজপুৰত অনুষ্ঠিত অসম ছাত্ৰ সন্মিলনত গৃহীত হয়। সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ অমৰ সৃষ্টি এই গীতটোৱে প্ৰতি জন অসমীয়াৰ অন্তৰ চুই যায়। প্ৰায় এটা শতিকা পূৰ্বে প্ৰকাশিত “অ’ মোৰ আপোনাৰ দেশ” (O Mur Apunar Desh) গীতটোক অসমৰ ৰাইজে ‘জাতীয় সংগীত’ হিচাপে গৌৰৱেৰে গাই আহিছে। বেজবৰুৱাৰ সৃষ্টি এই গীতটিৰ বিষয়ে কিছু কথা ইয়াত দাঙি ধৰিবলৈ প্ৰয়াস কৰা হৈছে।

Contents
Table of Contents“অ’ মোৰ আপোনাৰ দেশ” সম্পূৰ্ণ অসমৰ জাতীয় সংগীত (“O Mur Apunar Desh” Complete State Anthem of Assam)“অ’ মোৰ আপোনাৰ দেশ” গীতটিৰ সবিশেষ (“O Mur Apunar Desh” Details of the song)“অ’ মোৰ আপোনাৰ দেশ” গীতটিৰ অন্যান্য বিৱৰণ (“O Mur Apunar Desh” Other details of the song)Was this helpful?

Table of Contents

  • “অ’ মোৰ আপোনাৰ দেশ” সম্পূৰ্ণ অসমৰ জাতীয় সংগীত
  • “অ’ মোৰ আপোনাৰ দেশ” গীতটিৰ সবিশেষ
    • “অ’ মোৰ আপোনাৰ দেশ” গীতটিৰ অন্যান্য বিৱৰণ

“অ’ মোৰ আপোনাৰ দেশ” সম্পূৰ্ণ অসমৰ জাতীয় সংগীত (“O Mur Apunar Desh” Complete State Anthem of Assam)

ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা দ্বাৰা ৰচিত “অ’ মোৰ আপোনাৰ দেশ” (O Mur Apunar Desh) সম্পূৰ্ণ অসমৰ জাতীয় সংগীতটো তলত দাঙি ধৰা হ’ল,

অ’ মোৰ আপোনাৰ দেশ!

অ’ মোৰ চিকুণী দেশ!

এনেখন শুৱলা,

এনেখন সুফলা

এনেখন মৰমৰ দেশ।

অ’ মোৰ সুৰীয়া মাত!

অসমৰ সুৱদি মাত!

পৃথিৱীৰ ক’তো

বিচাৰি জনমটো

নোপোৱা কৰিলেও পাত।

অ’ মোৰ ওপজা ঠাই!

অ’ মোৰ অসমী আই!

চাই লওঁ তোমাৰ

মুখনি এবাৰ

হেঁপাহ মোৰ পলোৱা নাই।

“অ’ মোৰ আপোনাৰ দেশ” গীতটিৰ সবিশেষ (“O Mur Apunar Desh” Details of the song)

  • “অ’ মোৰ আপোনাৰ দেশ” গীতটি সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ দ্বাৰা ৰচিত।
  • লক্ষ্মীনাথ বেজবৰুৱাই শ্ৰীকৃপাবৰ বৰুৱা ছদ্ম নামেৰে ‘বাঁহী’ আলোচনী খনত প্ৰথম প্ৰকাশ কৰিছিল।
  • অ’ মোৰ আপোনাৰ দেশ গীতটিৰ মূল কথা খিনি “মোৰ দেশ” (Mur Desh) নামেৰে ১৯১০ চনত ‘বাঁহী’ নামৰ আলোচনী খনত প্ৰথম প্ৰকাশ পাইছিল।
  • “অ’ মোৰ আপোনাৰ দেশ” ১৯১৩ চনত ‘কদমকলি’ পুথিত লক্ষ্মীনাথ বেজবৰুৱাই প্ৰকাশ কৰিছিল।
  • “অ’ মোৰ আপোনাৰ দেশ” গীতটো অসমৰ “জাতীয় সংগীত” ৰূপে ১৯২৭ চনত তেজপুৰত অনুষ্ঠিত অসম ছাত্ৰ সন্মিলনত গৃহীত হয়।
  • ১৯২৭ চনতেই তেজপুৰত অনুষ্ঠিত অসম ছাত্ৰ সন্মিলনৰ অধিবেশনত ‘জাতীয় সংগীত’ হিচাপে গীতটো প্ৰথমে গোৱা হৈছিল।
  • ২০১৩ চনৰ ১৫ ডিচেম্বৰত অসম চৰকাৰৰ দ্বাৰা “অ’ মোৰ আপোনাৰ দেশ” গীতটো আনুষ্ঠানিক ভাৱে অসমৰ জাতীয় সংগীত (State Anthem)ৰ মৰ্যাদা পায়।

“অ’ মোৰ আপোনাৰ দেশ” গীতটিৰ অন্যান্য বিৱৰণ (“O Mur Apunar Desh” Other details of the song)

“অ’ মোৰ আপোনাৰ দেশ” (O Mur Apunar Desh) গীতটিৰ স্বকীয় বৈশিষ্টতা, গভীৰ জাতীয় প্ৰেম তথা স্বদেশ প্ৰেম আৰু জাতীয় পৰ্যায়ত সৰ্বজনৰ মনোগ্ৰাহী হ’ব পৰা গুণ সম্পন্ন হোৱাৰ বাবে বিভিন্ন সময়ত ভালে কেইজন সঙ্গীতজ্ঞ সুৰকাৰৰ দৃষ্টি আকৰ্ষিত হৈ একাধিক সুৰকাৰে সুৰ কৰি গীতটিক এটি জাতীয় সঙ্গীতৰ স্বীকৃতি পাব পৰা গীত ৰূপে উপস্থাপন কৰে। তৎমুহূৰ্তৰ পৰা গীতটিয়ে পূৰ্বৰ পৰিচয় ‘মোৰ দেশ’ (Mur Desh)ৰ ঠাইত ‘অ’ মোৰ আপোনাৰ দেশ’ ৰূপে পৰিচিত হৈ প্ৰসাৰতা লাভ কৰে।“অ’ মোৰ আপোনাৰ দেশ” গীতটো অসমৰ লগতে উত্তৰ-পূবৰ আন ৰাজ্যসমুহৰ বহুলোকে আদৰেৰে পৰিবেশন কৰা দেখা যায়। এই গীতটো মিছিং, বড়ো, কাৰ্বি, নেপালী ইংৰাজী আদিকে ধৰি অসমৰ লগতে উত্তৰ-পূবত প্ৰচলিত বহু কেইটা ভাষা-দোৱানলৈ ইতিমধ্যে অনুবাদ হৈছে। জাতীয় সংগীত হিচাপে গীতটো অসমীয়া ভাষাতেই গোৱা হয় যদিও বিভিন্ন সময়ত বিভিন্ন জনগোষ্ঠীৰ লোকে নিজৰ নিজৰ মাতৃভাষাত ‘অ’ মোৰ আপোনাৰ দেশ’ গীতটো গোৱা শুনা যায়।

How useful was this post?

Click on a star to rate it!

Average rating 4 / 5. Vote count: 2

No votes so far! Be the first to rate this post.

Was this helpful?

Yes
No
Thanks for your feedback!

TAGGED: Mur Desh, O Mur Apunar Desh, State Anthem, অ’ মোৰ আপোনাৰ দেশ, জাতীয় সংগীত, মোৰ দেশ"
Share This Article
Facebook Twitter Telegram Copy Link Print
Previous Article Ind vs SA Cricket World Cup 2023 ভাৰত বনাম দক্ষিণ আফ্ৰিকা ক্ৰিকেট বিশ্বকাপ 2023, লাইভ আপডেট, ভাৰত 243 ৰাণত জয়লাভ কৰে
Next Article Dr. Sarvepalli Radhakrishnan: Essay of the Second President of India ড° সৰ্বপল্লী ৰাধাকৃষ্ণণ: ভাৰতৰ দ্বিতীয় ৰাষ্ট্ৰপতিৰ বিষয়ে ৰচনা
Leave a comment Leave a comment

প্ৰত্যুত্তৰ দিয়ক মন্তব্য বাতিল কৰক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

Stay Connected

1k Followers Like
100 Followers Follow
10 Followers Follow
Youtube Subscribe

Latest News

Manu Bhaker image
Manu Bhaker Biography : age, career, education and medals
Blog Education Lifestyle 24 আগষ্ট 2024
ৰিয়ান পৰাগ (Riyan Parag)
Blog 20 জুলাই 2024
India vs Australia World Cup Final 2023
ভাৰত বনাম অষ্ট্ৰেলিয়া লাইভ আপডেট, বিশ্বকাপ ফাইনেলত অষ্ট্ৰেলিয়া 6 উইকেটত বিজয়ী
Sports 20 নৱেম্বৰ 2023
India vs New Zealand World Cup 2023
ভাৰত বনাম নিউজিলেণ্ড,বিশ্বকাপ 2023 ক্ৰিকেট লাইভ আপডেট, প্ৰথম ছেমিফাইনেলত ভাৰতে 70 ৰানত জয়লাভ কৰে
Sports 15 নৱেম্বৰ 2023
//

Welcome to BorAxom.

Quick Link

  • Blog
  • Privacy Policy
  • Disclaimer
  • Terms and Conditions

Top Categories

  • News
  • Blog
  • পৰীক্ষা ফলাফল
  • চাকৰি জাননী

Contact Details

Email: info@boraxom.org

BorAxomBorAxom
Follow US
© 2023 BorAxom. A division of Dizimint Innovatives. All Rights Reserved.
Welcome Back!

Sign in to your account

Lost your password?